UGC Approved Journal no 63975(19)

ISSN: 2349-5162 | ESTD Year : 2014
Call for Paper
Volume 11 | Issue 5 | May 2024

JETIREXPLORE- Search Thousands of research papers



WhatsApp Contact
Click Here

Published in:

Volume 10 Issue 7
July-2023
eISSN: 2349-5162

UGC and ISSN approved 7.95 impact factor UGC Approved Journal no 63975

7.95 impact factor calculated by Google scholar

Unique Identifier

Published Paper ID:
JETIR2307902


Registration ID:
522380

Page Number

i4-i16

Share This Article


Jetir RMS

Title

নাট্যকাৰ শংকৰদেৱ : এক বিশ্লেষণাত্মক অধ্যয়ন

Abstract

শংকৰদেৱ কেৱল অসমৰ সমাজ- সাহিত্য- সংস্কৃতিৰে জনক নহয় তেওঁ অসমীয়া নাট্য সাহিত্যৰো জনক । কাৰণ শংকৰদেৱৰ আগতে অসমত নাট ৰচনা হৈছিল বুলি কোনো প্ৰমাণ পোৱা নাযায় । শংকৰদেৱে অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নাটসমূহ ৰচনা কৰিছিল । তেওঁৰ দ্বাৰা ৰচিত নাটসমূহক 'অংকীয়া নাট’ বুলি অভিহিত কৰা হয় । শংকৰদেৱে তীৰ্থ ভ্ৰমণৰ পৰা লাভ কৰা অভিজ্ঞতা, সংস্কৃত নাট্য-ৰীতি, অসমৰ নাট্যধৰ্মী অনুষ্ঠান আৰু মধ্যযুগীয় ভাৰতৰ নাট্যধৰ্মী অনুষ্ঠানৰ দ্বাৰা অনুপ্ৰেৰিত হৈ নাটসমূহ ৰচনা কৰিছিল । নাট ৰচনা কৰাৰ মুখ্য উদ্দেশ্য আছিল জনসাধাৰণৰ মাজত মনোৰঞ্জন প্ৰদানৰ মাধ্যমৰে কৃষ্ণ ভক্তিৰ মাহাত্ম্য প্ৰচাৰ কৰি জনসাধাৰণক ধৰ্মমুখী কৰি তোলা । শংকৰদেৱে ৰচনা কৰা নাটবিলাকত কাব্য, গীত, চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য আদি কলাৰ সমাহাৰ ঘটাইছিল । পৰিৱেশ্য কলা নাটকত যি গীত-নৃত্য-বাদ্য আদিৰ সমাহাৰ ঘটোৱা হয়, সেইয়া শংকৰদেৱেই উদ্ভাৱন কৰিছিল । উল্লেখযোগ্য যে শংকৰদেৱৰ নাটসমূহ অভিনয়ৰ দ্বাৰা মঞ্চস্থ কৰিলে 'ভাওনা’ নামেৰে অভিহিত কৰা হয় । ভাওনাবিলাক ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে প্ৰদৰ্শন কৰা হয় । শংকৰদেৱে ৰচনা কৰা প্ৰথমখন নাটক হ’ল 'চিহ্নযাত্ৰা’। কিন্তু 'চিহ্নযাত্ৰা’ত নাটকত থাকিবলগীয়া বৈশিষ্ট্যসমূহ পৰিলক্ষিত নোহোৱাৰ বাবে, প্ৰথমখন নাটক বুলি অভিহিত কৰিলেও 'অংকীয়া নাট’ হিচাপে গণ্য কৰা নহয় । শংকৰদেৱে 'পত্নীপ্ৰসাদ’, 'কালিয় দমন’, 'কেলি গোপাল’, 'ৰুক্মিণী হৰণ’, 'পাৰিজাত হৰণ’ আৰু 'ৰাম বিজয়’ নামেৰে ছখন 'অংকীয়া নাট’ ৰচনা কৰিছিল । শংকৰদেৱৰ নাটকৰ যি প্ৰাসংগিকতা সেইয়া পৃথিৱীতে বিৰল । কাৰণ পঞ্চদশ শতিকাৰ পৰা বৰ্তমানলৈকে শংকৰদেৱৰ নাটকৰ চৰ্চা আৰু প্ৰদৰ্শন অব্যাহত হৈ আছে । নাট্যকাৰ হিচাপে শংকৰদেৱক বিচাৰ কৰি, নাটসমূহৰ মূল, নাটকৰ বৈশিষ্ট্য আদিৰ বিশ্লেষণ কৰাই আমাৰ গৱেষণাপত্ৰৰ মুখ্য উদ্দেশ্য । গৱেষণাপত্ৰখন বিশ্লেষণাত্মক পদ্ধতিৰ সহায়ত প্ৰস্তুত কৰা হ’ব ।

Key Words

শংকৰদেৱ, অংকীয়া নাট, ভাওনা

Cite This Article

"নাট্যকাৰ শংকৰদেৱ : এক বিশ্লেষণাত্মক অধ্যয়ন", International Journal of Emerging Technologies and Innovative Research (www.jetir.org), ISSN:2349-5162, Vol.10, Issue 7, page no.i4-i16, July-2023, Available :http://www.jetir.org/papers/JETIR2307902.pdf

ISSN


2349-5162 | Impact Factor 7.95 Calculate by Google Scholar

An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 7.95 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator

Cite This Article

"নাট্যকাৰ শংকৰদেৱ : এক বিশ্লেষণাত্মক অধ্যয়ন", International Journal of Emerging Technologies and Innovative Research (www.jetir.org | UGC and issn Approved), ISSN:2349-5162, Vol.10, Issue 7, page no. ppi4-i16, July-2023, Available at : http://www.jetir.org/papers/JETIR2307902.pdf

Publication Details

Published Paper ID: JETIR2307902
Registration ID: 522380
Published In: Volume 10 | Issue 7 | Year July-2023
DOI (Digital Object Identifier):
Page No: i4-i16
Country: Jorhat, ASSAM, India .
Area: Arts
ISSN Number: 2349-5162
Publisher: IJ Publication


Preview This Article


Downlaod

Click here for Article Preview

Download PDF

Downloads

000722

Print This Page

Current Call For Paper

Jetir RMS